প্ৰণৱ কুমাৰ বৰ্মন
বিশিষ্ট কবি
২০০৩ চন মানৰ কথা।গুৱাহাটী বিশ্ববিদ্যালয়ত আছোঁ আমি।ভাৰ্চিটি উইকৰ শেষ নিশা জুবিন গাৰ্গ আহিব।প্ৰেক্ষাগৃহ ভৰ্তি।জুবিন গাৰ্গ তেতিয়াও কিছু বিতৰ্কত আছিল।এটাৰ পাছত এটা সেই সময়ৰ, আৰু তেওঁৰ শ্ৰেষ্ঠ গান বোৰ গাই গৈছে।হঠাৎ তেওঁৰ বিষ্ণুৰাভাৰ গান এটি গাবলৈ মন গ'ল।চে গুৱেভাৰা আৰু বিষ্ণুৰাভাৰ পৰম অনুৰাগী আছিল তেওঁ - আৰু সেই আদৰ্শৰ পৰা বিচ্যুত কৰিবলৈ এটা শক্তিও লাগি আছিল।গণনাট্য সংঘ দুৰ্বল, কমিউনিষ্ট নেতৃত্বৰ কোনো আগ্ৰহ নাই- যাৰ বাবে জুবিন গাৰ্গ পথচ্যুত হ'বলৈ আৰম্ভ কৰিছিল আদৰ্শৰ পৰা!কমোডিটি হ'বলৈ আৰম্ভ কৰিছিল ধুৰন্ধৰ সকলৰ পাকচক্ৰত পৰি।( ৰীতা বাইদেউৰ পডকাষ্ট ত মনৰ সকলো ব্যথা কৈ গৈছে।)
সিদিনা ৰাতি মঞ্চত জুবিন গাৰ্গে বিষ্ণুৰাভাৰ গানটো গোৱাৰ পূৰ্বে স্বভাৱজাত কথাৰে কৈছিল - মই জ্যোতিপ্ৰসাদতকৈ বিষ্ণুৰাভাক বেছি ভাল পাওঁ।৫ মিনিট মান সময়তে হলঘৰৰ পৰিবেশ সলনি হৈ গ'ল।বাক্য শাৰী হৈ পৰিল - জ্যোতিপ্ৰসাদক মই ঘিণ কৰোঁ।প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হ'ল।এতিয়া ফুটেজ খাই থকা কাকতৰ প্ৰখ্যাত সাংবাদিকো উপস্থিত আছিল সমুখৰ শাৰীত।অনুষ্ঠান শেষ হোৱাৰ পাছত অনাহূত অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জুবিন গাৰ্গ হতাশ হৈ পৰিছিল।বিধ্বস্ত হৈ পৰিছিল।ৰাতিপুৱালৈকে এখন ধাবাত বহি আছিলগৈ।পুৱাই আৰম্ভ হৈছিল জুবিন বিৰোধী একাংশ ছাত্ৰ সমাজৰ আন্দোলন।জুবিন বিৰোধী ধ্বনিত কঁপি উঠিছিল জালুকবাৰীৰ আকাশ।
কেইজন মানে মুণ্ডন কৰাইছিল।জুই জ্বলাই কেছেটবোৰ জ্বলাই দিয়া হৈছিল।যিটো কথা জুবিন গাৰ্গে কোৱা নাছিল তাকেই তিলটোক তাল কৰি পেলোৱা হৈছিল।ৰাতিপুৱাৰ বাতৰি কাকত সমূহত বিশেষকৈ ' আমাৰ অসম' ত হেডলাইন আছিল - মই জ্যোতিপ্ৰসাদক ঘিণ কৰোঁ- জুবিন গাৰ্গ। একো উমঘাম নোপোৱা শিল্পী সকলৰ সাক্ষাৎকাৰেৰে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা ভৰি পৰিছিল।
তেওঁৰ প্ৰিয় বন্ধু যেন সাংবাদিকেই সেই অপপ্ৰচাৰৰ হোতা আছিল।আমি জনাত সেই making news ৰ বাবে জুবিন গাৰ্গে ভালেমান নিশা শুব পৰি নাছিল আৰু তেওঁ যে তেনে কথা কোৱা নাই তাক প্ৰমাণ কৰিবলৈ আজিৰ দৰে মোবাইল ভিডিও, পোৰ্টেল বা নিউজ চেনেলৰো উপস্থিতি নাছিল।গতিকে জুবিন গাৰ্গৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ এচামে সেই তাহানিৰ পৰাই ষড়যন্ত্ৰ ৰচি আহিছিল! সেই ষড়যন্ত্ৰই ২০২৫ চনত ভয়ংকৰ সাকাৰ ৰূপ পালে!


0 Comments