Dhananjay Dhritiraz
চন ২০০১, বোধহয় নবেম্বৰ মাহ । সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ । সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জুবিন গাৰ্গ । তেতিয়া মই জুবিন নামটো শুনিছোঁহে মাত্ৰ । বয়স তেতিয়া ৯/১০ মান হ'ব । কাঁহ শিল্প নগৰী সৰ্থেবাৰীত সকলো ধৰণৰ জনসাধাৰণে হিয়া উজাৰি টকা দিছে জুবিন গাৰ্গক আমন্ত্ৰণ জনাবলৈ , বয়োজেষ্ঠ সকলোৰো পচন্দ জুবিন । জুবিন গাৰ্গৰ সেইসময়ৰ মাননি আছিল বোধহয় ১ লাখ ৭৫ হাজাৰ টকা (নিশ্চিত নহয়) । সেইবছৰতে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা "হিয়া দিয়া নিয়া" , "দাগ" , "নায়ক" আৰু নিজৰ কাহিনী সংগীত পৰিচালনা ৰ "তুমি মোৰ মাথো মোৰ" আদি চুপাৰহিট চিনেমাৰ মুক্তি হৈছিল । সেই সময়ত উক্ত চিনেমাৰ গীত সমুহে সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰিছিল । সেইহেন সময়ত আমাৰো জুবিন গাৰ্গক চোৱাৰ সৌভাগ্য হৈছিল । মোক জেঠীৰ ল'ৰা এজনে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উক্ত অনুষ্ঠান দেখুৱাব লৈ গৈছিল ।
সেইসময়ত হাজাৰ হাজাৰ লোকেৰে বৃহৎ খেলপথাৰ মানুহেৰে নিমিষতে ভৰি পৰিছিল । বহু দুৰ দুৰণিৰ পৰা মানুহে বাছ ভাড়া কৰি জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ আহিছিল । কোৱা শুনিছিলো সেইসময়ত টিহু, পাঠশালা, সৰভোগ , বৰপেটা, নলবাৰী আদিৰ পৰাও গাড়ী ভাড়া কৰি হাজাৰ হাজাৰ মানুহে জুবিন গাৰ্গৰ উক্ত অনুষ্ঠান চাবলৈ আহিছিল । মানুহৰ ইমানেই ভিৰ আছিল যে সেইসময়ত পুলিচ , অৰ্ধসামৰিক বাহিনীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । জুবিন গাৰ্গ মঞ্চত উঠাৰ পিছতেই আৰম্ভ হৈছিল অৰ্ধসামৰিক বাহিনীৰ দীঘল দীঘল লাঠিৰ কোব।
এতিয়াও মনত আছে জুবিন গাৰ্গ সেইসময়ত খিন মিন , দীঘল চুলিৰ আছিল আৰু এটা খাকী ৰঙৰ দীঘল আঠুলৈ পৰা জেকেট পৰিধান কৰি আহিছিল আৰু ভগ্নী জংকিয়ে এটা ৰঙা ৰঙৰ টুপি থকা জেকেট পৰিধান কৰি মঞ্চত প্ৰবেশ কৰিছিল । মঞ্চত উঠিয়েই দুয়ো ভাতৃ -ভগ্নীয়ে সদ্য মুক্তি পাবলগীয়া "প্ৰেম আৰু প্ৰেম" চিনেমাখনৰ "চকুৱে চকুৱে চিনাকি হ'ব" শীৰ্ষক গীতটি পৰিবেশন কৰিছিল । এনেকৈয়ে চাৰিটা নে পাঁচটা গীত চোৱাৰ পিছত জেঠাৰ ল'ৰা জনে মোক অনুষ্ঠান শেষ নকৰাকৈ ঘৰলৈ লৈ আহিছিল কাৰণ মানুহৰ প্ৰচণ্ড ভিৰ আৰু অৰ্ধসামৰিক বাহিনীৰ লাঠিৰ কোবৰ ভয়ত ।
জুবিন গাৰ্গ তেনেকৈ সৃষ্টি হৈছিল, ২৫ বছৰ আগতে অসমৰ ৰাইজৰ যিটো সমৰ্থন আছিল হয়তো যোৱা ৪/৫ বছৰতো সিমান ৰাইজৰ সমৰ্থন নাছিল কাৰণ সেইসময়ত মাত্ৰ অডিঅ' কেছেটত শুনি থকা মাতটোৰ বাবেই হয়তো সকলোৱে একেবাৰে ওচৰৰ পৰা চাবলৈ অসমৰ ৰাইজে উদগ্ৰীৱ হৈ পৰিছিল জুবিন গাৰ্গক। এয়াই আছিল জুবিনৰ সোনালী দিন যেতিয়াই অসমৰ মানুহেই জুবিন গাৰ্গক সৃষ্টি কৰিছিল।
ভাবিলেই দুখ লাগে আজিৰ পৰা ২৫ বছৰ আগতেই ১ লাখ ৭৫ হাজাৰ মাননি লোৱা শিল্পী গৰাকীয়ে নিজৰ বুলিবলৈ থাকিবলৈ ঘৰখনো উলিয়াৱ নোৱাৰিলে । তেওঁৰ টকাৰে হাজাৰ জনে টকাৰ পাহাৰ গঢ়িলে, কিন্তু তেওঁৰ থাকিবলৈ এখন নিজা ঘৰ নহ'ল , হয়তো এয়াই প্ৰকৃত শিল্পীৰ জীৱন ।


0 Comments