শুভ্র কিংকৰ গোস্বামী
কিছুবছৰ আগৰ কথা। আমি কাশ্মীৰলৈ গৈছিলোঁ। পত্নীটপৰ পৰা আহি আছিলোঁ। এডোখৰ জনশূন্য ঠাইত থকা ধাবা এখনৰ ছাউণ্ড বক্সত ডাঙৰ ডাঙৰকৈ বাজি আছিল 'য়া আলী' গানটো।
আমি গাড়ীখন ৰখালোঁ। এনেয়ে চাহ একোকাপ লৈ আমি একান্তমনে শুনিলোঁ জুবিনে প্রাণঢালি গোৱা 'য়া আলী'। ধাবাখনৰ মালিকক সুধিলোঁ এই গানটো সদায় বজোৱা নেকি? কাশ্মীৰী লোকজনে দূৰৰ জুৰিটোৰ পাৰত ৰৈ থকা দহ বছৰীয়ামান ল'ৰা এটালৈ আঙুলিয়াই দি ক'লে- সি সদায় শুনে। দিনটো এইটো গানেই শুনি থাকে।
তাক হাতবাউল দি মাতিলোঁ। সি চুচুক-চামাককৈ ওচৰ চাপি আহিল। স্কুললৈ নাযায়। দেউতাকৰ ধাবাতেই কাম কৰি থাকে।
সংগীতৰ কোনো ভাষা নাই। পৰিধি নাই।
নহ'লেনো সেই জনশূন্য পাহাৰৰ মাজত হৃদয় ঢালি গোৱা জুবিনৰ 'য়া আলী'ৰ শব্দবোৰ প্ৰতিধ্বনিত হ'ব পাৰেনে?
: এই গানটো কোনে গাইছে জানা নেকি?
: জুবিন।
: জুবিন আৰু কিবা আছে নেকি?
: পতা নেহি
: উত্কা নাম জুবিন গাৰ্গ। মেৰা দেছ কা আদমী।
সি একো নামাতিলে। আচলতে একো নুবুজিলে।
কিনো বুজিব বেচেৰা ল'ৰাটোৱে। সি কেৱল জানে গান, সুৰ আৰু শব্দ। যিটো জুবিনে সদায় কৈছিল- সংগীতৰ কোনো ভাষা নাই। কোনো পৰিধি নাই।
বাপেকে আকৌ ক'লে-
: মেৰা পতা নেহি ইছ গান মে ক্যা হ্যায়। ৰাত মে ভী বহ ইচি গান শুনতে হ্যায়।
ল'ৰাটো ইতিমধ্যেই আমাৰ পৰা আঁতৰি গৈ জুৰিটিৰ ওচৰ পালে। আমিও বিদায় লৈ আহিলোঁ।
বাৰে বাৰে জুবিনৰ কথাই মনত পৰি আহিল- সংগীতৰ কোনো ভাষা নাই। পৰিধি নাই। নহ'লেনো সেই জনশূন্য পাহাৰৰ মাজত হৃদয় ঢালি গোৱা জুবিনৰ 'য়া আলী'ৰ শব্দবোৰ প্ৰতিধ্বনিত হ'ব পাৰেনে?
সেয়াই পৰিধিৰ সীমা নথকা জুবিন। জনশূন্য কাশ্মীৰৰ সেই ঠাইত অনুভৱ কৰিছিলোঁ- জুবিনৰ নিজৰ ভাষাতেই কোৱা শব্দকেইটা।
অসমৰ চিনাকি তিনিটা- চাহ, গঁড় আৰু জুবিন।


0 Comments