চন আছিল ২০১৬ -- Samiron Borthakur

 Samiron Borthakur


টীয়কৰ বিশিষ্ট ঢুলীয়া শ্ৰদ্ধাৰ বলাই ওজা ডাঙৰীয়া সাংঘাতিকভাৱে অসুস্থ হৈছিল ৷ ভিন্নজনে সহায় কৰাৰ পিছতো চিকিৎসাৰ বাবে পৰ্যাপ্ত হোৱা নাছিল । তেতিয়াই সকলোয়ে আহবান জনাইছিল কেনেবাকৈ জুবিন গাৰ্গৰ সৈতে যোগাযোগ কৰিব পৰা হয় নেকি ৷ তেতিয়া তাৎক্ষণিকভাৱে জুবিন গাৰ্গে সঁহাৰি দিছিল আৰু চিকিৎসাৰ বাবে ঘোষণা কৰিছিল আৰ্থিক সাহাৰ্য ৷

যদিও জুবিন গাৰ্গে সাহাৰ্য দিবলৈ আহিব পৰা নাছিল তথাপিও তেখেতৰ নেতৃত্বাধীন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ বিষয়া তথা পত্নী গৰিমা বৌ , জয়ন্ত কাকতী দা , শশাংক সমীৰ দা , দিগন্ত ভাৰতী ছাৰ উপস্থিত হৈ জুবিন দাই দিয়া প্ৰতিশ্ৰুতি ৰাখিলে ৷ তাৰ পিছতে আমাৰ ঘৰত আটাইকেইগৰাকী ব্যক্তিৰ সৈতে এইখন ফটো এয়া ৷

আজি সেইদিনবোৰ মনত পৰিছে ৷ যিগৰাকী ব্যক্তিয়ে মানৱতাৰ কথা কৈছিল , মানুহৰ বাবে যুঁজিছিল সেইগৰাকী মানুহক কেনেকৈ কোনোবাই কাঢ়ি নিব পাৰে । আজিও সহজ হ'ব পৰা নাই ৷ জুবিনদা আমাৰ বাবে সাহস আছিল।

0 Comments

Joy Zubeen Da